71
লংকাঃ লংকা আৰক্ষীৰ জালত পৰিল জুৱাৰী৷ ৰাজ্যৰ যুৱ-প্ৰজন্মক মদ আৰু জুৱাই কোঙা কৰাৰ সময়তে আজি লংকা আৰক্ষীয়ে জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাই ৯ গৰাকীকৈ জুৱাৰীক আটক কৰে৷
হোজাই জিলাৰ অন্তৰ্গত লংকাৰ হংকং মাৰ্কেটত লংকা আৰক্ষীয়ে আজি অতৰ্কিতে এক অভিযান চলাই জালত পেলাই জুৱাৰী কেইজনক৷ জুৱাৰ ঘাটি উচ্ছেদ কৰি ৯ জন জুৱাৰীক আটক কৰাৰ লগতে জুৱাৰ বিভিন্ন সা-সামগ্ৰীসহ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী৷