জাগীৰোডঃ মায়ঙত আজি দিনৰ ভাগত দুটাকৈ শিশুৰ সলিল সমাধি ঘটে। এই ঘটনাই মায়ং অঞ্চলত শোকৰ ছাঁ পেলাইছে। দিনৰ ২ মান বজাত মায়ঙৰ মুৰবাৰীত এটি ৯ মহীয়া শিশু সলিল সমাধি ঘটাৰ পিছত বিয়লি প্ৰায় ৪ বজাত চনকাত পুনৰ আন এটি শিশুৰ সলিল সমাধি ঘটে।
৯ মহীয়া শিশু কৃতিশ মণ্ডলক দিনৰ ভাগতে জাগীৰোড আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বিপৰীতে চনকা গাঁৱৰ বিশাল শইকীয়া (১০)ক লগে লগে স্থানীয় লোকে মায়ঙৰ লোণমাটি ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসক নথকাত শিশুটিৰ মৃত্যু হয়।