newsnextone.com গুৱাহাটীঃ যোৱা ১৬টা দিন ধৰি অৰ্থাৎ ৩০ মে’ পৰ্যন্ত অলপ অলপকৈ পেট্ৰলৰ মূল্য বৃদ্ধি কৰি মঙলবাৰে প্ৰতি লিটাৰত ৮০.৬৬ টকা হয়৷ কিন্তু বুধবাৰে পুৱাৰ পৰাই যেন দেশৰ চৰকাৰে জনতাক দি আছে সুখবৰ৷
আন্তঃৰাষ্ট্ৰীয় বজাৰত শুক্লৰ দাম বৃদ্ধিৰ অচিলা লৈ প্ৰতিদিনে বৃদ্ধি হৈ আহিছিল পেট্ৰলত-ডিজেলৰ মূল্য৷ কিন্তু শেহতীয়াকৈ ক্ৰমাগত ভাৱে হ্ৰাস পাই অহা পৰিলক্ষিত হৈছে পেট্ৰল-ডিজেলৰ মূল্য৷ মূল্য হ্ৰাস কৰি দেশৰ চৰকাৰখনে জনতাৰ মাজত অলপ হ’লেও আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে৷