নগাঁওঃ আজি ঘোষিত ফলাফলত নগাঁও জিলাৰ উত্তীৰ্ণৰ হাৰ সন্তোষজনক৷ যাৰ বাবে নগাঁওবাসী উৎফুল্লিত হৈ পৰাৰ লগতে সৰ্বত্ৰে বৈছে উছাহৰ ঢল ৷ কিয়নো কলা আৰু বিজ্ঞান শাখাত জিলাখনৰ সৰ্বমুঠ ৯ গৰাকী মেধাৱীয়ে স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনি সৃষ্টি কৰিছে এক ইতিহাস ৷
নগাঁও চহৰস্থিত ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা কলা শাখাত এগৰাকী আৰু বিজ্ঞান শাখাত ৬ গৰাকীকে ধৰি সৰ্বমুঠ ৭ গৰাকী আৰু ৰেনেঁছা কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা কলা শাখাত এগৰাকীয়ে স্থান লাভ কৰাৰ বিপৰীতে নগাঁও মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত এগৰাকীয়ে প্ৰথম দহজনৰ ভিতৰত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে ৷