Home ৰাজ্য৯০ বছৰত ভৰি দিলে বিৰহ বেবেজীয়া মজলীয়া বিদ্যালয়ে, পালন কৰিব মহাৰজত জয়ন্তী

৯০ বছৰত ভৰি দিলে বিৰহ বেবেজীয়া মজলীয়া বিদ্যালয়ে, পালন কৰিব মহাৰজত জয়ন্তী

by News Desk
50 views
A+A-
Reset

newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বিৰহ বেবেজীয়া মজলীয়া বিদ্যালয়ে ৯০ বছৰত ভৰি দিলে৷ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ অন্যতম পুৰণি শিক্ষানুষ্ঠান বিৰহ বেবেজীয়া মজলীয়া বিদ্যালয়৷ দেশৰ স্বাধীনতাৰ পূৰ্বেই ১৯২৯ চনৰ কোনো এক শুভ ক্ষণত বহুকেইজন সমাজ সচেতন ব্যক্তি আৰু স্থানীয় ৰাইজৰ ঐকান্তিক আৰু আশাশুধীয়া প্ৰচেষ্টাত গঢ়ি উঠা এই শিক্ষানুষ্ঠানখনে ইতিমধ্যে সগৌৰৱে ৯০টা বছৰ গৰকিবলৈ সক্ষম হৈছে। সেয়ে স্থানীয় ৰাইজ, শিক্ষামোদী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে মহাৰজত জয়ন্তী উৎসৱ বছৰজোৰা বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ 

ইতিমধ্যে, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক সভাপতি, ৰূপৰাম কলিতাক কাৰ্যকৰী সভাপতি আৰু বিদ্যালয় প্ৰধান শিক্ষক প্ৰফুল্ল চন্দ্ৰ নাথক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠনেৰে মহাৰজত জয়ন্তী উৎসৱ সুকলমে অনুষ্ঠিত কৰাৰ অৰ্থে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে৷ শুকুৰবাৰে উৎসৱৰ শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0