তিনিচুকীয়াঃ পূৰ্বতে পাণ্ডৱ বৰ্জিত বুলি এলেকা বুলি পৰিচিত শদিয়া বৰ্তমান পৰ্যটকৰ প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ অসমৰ অন্যতম বৃহৎ ভূমিপুত্ৰ হিচাপে চিহ্নিত চুতীয়া জনগোষ্ঠীৰ চাৰিশাল গোঁসানী বুঢ়া-বুঢ়ী শাল, কেচাঁইখাতি শাল, বলিয়াবাবা শাল আৰু পাটৰ শাল কেন্দ্ৰীক সভ্যতাৰ বেলি মাৰ যোৱাৰ পাছতেই চুতীয়া ৰাজ পৰিয়ালৰ শাসনৰ অন্ত পৰিল বুলি ইতিহাসে কয়৷
কিংবদন্তি অনুসৰি চুতীয়া ৰজা ৰত্নধ্বজপালে কুণ্ডিল নৈৰ পাৰত সিন্ধুক্ষেত্ৰ নগৰ নামেৰে এখন নতুন নগৰ নিৰ্মাণ কৰি থকা অৱস্থাতে ৰত্নধ্বজপালৰ পুত্ৰ গৌড় দেশত অধ্যয়ন কৰি থকা অৱস্থাত অকাল মৃত্যুক সাৱটি লয়৷ গৌড় দেশৰ ৰজাই চুতীয়া সকলৰ মৃতকৰ সৎকাৰ বিধি সম্পৰ্কে জ্ঞাত নোহোৱাত ৰাজকুমাৰৰ মৃতদেহ কুণ্ডিল নগৰীলৈ প্ৰেৰণ কৰে ৷