কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ অলিয়ে গলিয়ে পঞ্জীয়নবিহীনভাৱে দপদপাই ঘূৰি ফুৰা ই ৰিক্সাসমুহ আজি কোকৰাঝাৰ ট্ৰেফিক আৰক্ষীয়ে পৰিবহন বিভাগৰ সহযোগত জব্দ কৰি জৰিমনা বিহি। কোকৰাঝাৰ সদৰ চহৰত চলাচল কৰা ই ৰিক্সা সমূহ পঞ্জীয়ন কৰিবলৈ জিলা পৰিবহন বিভাগে কেইবাবাৰো নিৰ্দেশ জাৰি কৰাৰ পিছতো চহৰখনত দ্ৰুতগতিত বৃদ্ধি হৈ থকা ই ৰিক্সা সমূহ পঞ্জীয়ন নকৰাত আজি পুৱাৰে পৰা ই-ৰিক্সাসমুহ জব্দ কৰিবলৈ আৰক্ষীয়ে চহৰখনৰ ঠায়ে ঠায়ে বাহৰ পাতে৷
আৰক্ষীৰ অভিযানৰ উমান পোৱাৰ লগে লগেই মুহুৰ্ততে বহু ই ৰিক্সা চহৰখনৰ পৰা অন্তৰ্ধান হয়৷ অৱশ্যে ইয়াৰ মাজতে আৰক্ষীয়ে চহৰখনৰ পৰা ৪০ খনকৈ ই ৰিক্সা জব্দ কৰি থানালৈ লৈ আহে৷ পৰিবহন বিভাগৰ সহযোগত জব্দকৃত ই- ৰিক্সা সমূহৰ চালক সকলৰ পৰা ২০০০ টকাকৈ জৰিমনা বিহে ৷