দলংঘাটঃ এটি মীন মহল পৰিচালনা সমিতিয়ে পঢ়ালে ছাত্ৰ-ছাত্ৰীক৷ ব্যতিক্ৰম এটি মীন মহল৷ সততে এনেধৰণৰ সংগঠন সমূহে কৃষকৰ কাম কৰে যদিও দৰং জিলাৰ পশ্চিম পাৰিয়া পাৰা বুঢ়ী পুখুৰী মীন মহল ব্যতিক্ৰম৷ মীন মহল পৰিচালনা সমিতি খনে ৫-২৫ জুলাইলৈ ছাত্ৰ-ছাত্ৰী পাঠদান কৰায়৷
পশ্চিম পাৰিয়া পাৰা প্ৰাথমিক বিদ্যালয় আৰু পাৰিয়া পাৰা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষিত যুৱক ধীৰাজ ডেকা, লাৱণ্য ডেকা, কিশোৰ ডেকা, শৈলেন ডেকা, ভৃগু শইকীয়া, হিমাংশু ডেকা, জোতিপ্ৰসাদ ডেকা, ধনমনি ডেকা, প্ৰাণজিত ডেকা আৰু নিতু ডেকা, সুনীল ডেকা আৰু ৰমেশ ডেকাই ছাত্ৰ-ছাত্ৰীক পঢ়ায়।