ডিজিটেল ৰিপ’ৰ্টঃ অৱশেষত অসমলৈ দৰদ উপজিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বিভিন্ন দল-সংগঠনৰ দাবী তথা বন্যাৰ্তৰ আৰ্তনাদ কাণত পৰাৰ পিছত বানত পৰি অষ্টলক্ষ্মীয়ে কেনদৰে ককবকাইছে সেয়া প্ৰত্যক্ষ কৰিবলৈ কেই ঘণ্টামানৰ বাবে আহি অসমত ভৰি থব প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰই সদৰী কৰা মতে, অহা ১ আগষ্টত মোদীয়ে অসমৰ বান বিধ্বস্ত অঞ্চসমূহ হেলিকপ্টাৰেৰে পৰিদৰ্শন কৰিব। বান বিধ্বস্ত অঞ্চল পৰিদৰ্শনৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শীৰ্ষ বিষয়াসকলৰ সৈতেও বান পৰিস্থিতি সন্দৰ্ভত এক আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।