আজাৰাঃ জন্মভূমিক কোনেনো পাহৰিব পাৰে? জন্মভূমিৰ প্ৰতি টান কাৰনো নাই? সাত সাগৰ তেৰ নদী পাৰ হ’লেও শৰীৰৰ ধমনীত থাকি যায় জন্মভূমিৰ প্ৰতি ভালপোৱা৷ জন্মভূমিৰ বায়ু-পানী-মাটি-মানুহ কাৰনো আপোন নহয়? জন্মভূমিৰ সৈতে প্ৰত্যেকগৰাকী লোকৰে থাকে এৰাব নোৱৰা এক গভীৰ সম্পৰ্ক৷
ঠুলুৰো আছে জন্মভূমিৰ প্ৰতি অযুত ভালপোৱা৷ ঠুলুই নিজ জন্মভূমিক মাতৃৰ সৈতে তুলনা কৰে৷ জন্মভূমিৰ আপোন মানুহৰ সৈতে বিলীন হ’ব খোজে ঠুলুৱে৷ আপোন মানুহক আলিংগন কৰি আপোন পাহৰা হ’ব থোজে ঠুলুৱে৷ শৈশৱৰ পঢ়াশালি, গছ-গছনি, চৰাই-চিৰিকতি, শৈশৱৰ সমনীয়াক আজিও ঠুলুৰ বৰকৈ মনত পৰে৷ শৈশৱৰ কথা মনলৈ আহিলে বুকুখন ৰাই-জাই কৰে ঠুলুৰ৷ ঠুলুই থাকিব নোৱাৰা হয়৷ কাকনো ক’ব মনৰ কথা৷ জন্মভূমিৰ কথা ভাবি আৱেগিক হৈ পৰা ঠুলুৱে নীৰৱে চকুলো টুকি হৃদয়ৰ নিভৃত কোণত আজিও সযতনে ৰাখিছে জন্মভূমিৰ স্মৃতিবোৰ৷