মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী জাগুনৰ নামফাই-নামচিক সংৰক্ষিত বনাঞ্চলত যোৱা ২৩ জুলাইত বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই বানাক্ৰান্তৰ পৰিচয়েৰে বনাঞ্চলখনত ব্যাপক বেদখল কাৰ্য্যৰে বনধ্বংস যজ্ঞ চলাই থকা লোকসকলৰ সপক্ষে মন্তব্য প্ৰকাশ কৰাৰ পিছতে ৰাইজৰ প্ৰতিবাদেৰে জ্বলি উঠিছে সীমান্তৱৰ্তী অঞ্চল জাগুন।
যোৱা ২৪ জুলাইত স্থানীয় ৰাইজে পথ অৱৰোধ কৰাৰ পিছত আজি পুৱা দহ বজাৰ পৰা পুনৰ তাই আহোম যুৱ পৰিষদৰ নেতৃত্বত স্থানীয় দল-সংগঠন আৰু ৰাইজৰ সহযোগত জাগুণ বজাৰৰ ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা তিনি ঘন্টা ধৰি অৱৰোধৰ লগতে বনমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আৰু টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷