67
তুলসীবাৰীঃ বানৰ কবলৰ পৰা সাময়িকভাৱে পৰিত্ৰাণ পালেও এইবাৰ পানীৰ সংকটত পৰিছে ৰাজ্যৰ কৃষক৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপৰ ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তুলসীবাৰী অঞ্চলত বিগত কেইবাদিন ধৰি বৃষ্টিপাত নোহোৱাত খৰাঙৰ গ্ৰাসত পৰিছে কৃষক৷
বৃহত্তৰ অঞ্চলটোৰ কেইবা শ বিঘা কৃষিভূমিত কৃষকসকলে হাড়ভগা পৰিশ্ৰমৰে ভূঁই ৰুবলৈ সাজু কৰিছিল যদিও সম্প্ৰতি কৃষিভূমিত চিৰালফাট মেলাত মূৰে-কপালে হাত দিছে কৃষকে৷