শিলচৰঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱৰ আজি শিলচৰৰ নিজ বাসগৃহত মৃত্যু হয়। ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে। দীৰ্ঘদিন ধৰি বৃক্ক আৰু আন ৰোগত আক্ৰান্ত হৈ আছিল বৰ্তমান শিলচৰ লোকসভা সমষ্টিৰ সাংসদ সুস্মিতা দেবৰ পিতৃগৰাকী।
‘আজি পুৱা ৬.০৬ মিনিটত দেউতাই আমাক এৰি যায়।’- শিলচৰৰ পৰা পিটিআইক এইদৰে কয় তেওঁৰ কন্যা কংগ্ৰেছ সাংসদ সুস্মিতা দেৱে। সাতবাৰকৈ সাংসদ নিৰ্বাচিত হোৱা কংগ্ৰেছ নেতাজনে মৃত্যুৰ সময়ত পত্নীৰ লগতে সাংসদ সুস্মিতাসহ ৪ কন্যাক এৰি থৈ যায়।