64
কাকপথাৰঃ আটছাই আহ্বান জনোৱা ৭২ ঘন্টীয়া ডুমডুমা, কাকপথাৰ, ফিলবাৰী, আৰু তালাপ অঞ্চল বন্ধ আধাতে স্থগিত ৰাখে৷ চাহ জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন মহাবিদ্যালয়ত নামভৰ্তিৰ সুবিধা নোপোৱাত আটছাই ডুমডুমা, কাকপথাৰ, ফিলবাৰী, আৰু তালাপ অঞ্চল বন্ধৰ আহ্বান জনাইছিল৷
আজি পুৱাৰ পৰা এই বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছিল ডুমডুমা, কাকপথাৰ, ফিলবাৰী, আৰু তালাপ আদি ঠাইত৷ ৭২ ঘন্টাৰ ১২ ঘণ্টা বন্ধ হৈ যোৱাৰ পাছতে সংগঠনটোৱে বন্ধ স্থগিত ৰখাৰ কথা ঘোষণা কৰে৷