55
ডিজিটেল ডেস্কঃ কেৱল কন্যা সন্তানেই নহয়, যৌন নিগ্ৰহৰ পৰা নিস্তাৰ পোৱা নাই সৰু সৰু ল’ৰাবোৰেও। এনে একাধিক ঘটনা বিভিন্ন সময়ত সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ আহি আছে।
ইয়াৰ মাজতে এইবাৰ মুম্বাইত সংঘটিত হৈছে এটি মৰ্মান্তিক ঘটনা। চহৰখনৰ আন্ধেৰীত দলৱদ্ধ ধৰ্ষণৰ বলি হয় দশম শ্ৰেণীৰ এজন ছাত্ৰ। ১৬ বৰ্ষীয় এই ছাত্ৰজনক বলপূৰ্বক পায়ুকামৰ বাবে বাধ্য কৰে ১৫ জনকৈ নাবালকে।