74
সৰভোগঃ দৰিদ্ৰ পৰিয়ালৰ সন্তান তেওঁ৷ জন্মৰ পৰাই দৰিদ্ৰতাক ওচৰৰ পৰা দেখিছে। ইমানৰ পিছতো দৰিদ্ৰতাৰ ওচৰত হাৰ নামানি সংগ্ৰাম কৰি কিবা এটা কৰি দেখুওৱাৰ আশা পুহি ৰাখিছে তেওঁ৷
যাৰ বাবে আনৰ গ্ৰীলৰ দোকানত কাম কৰি হ’লেও সাধনা কৰি গৈছে সংগীতৰ৷ পিতৃ-মাতৃৰ উপাৰ্জনেৰে পৰিয়াল নচলে বাবে ডাঙৰ হৈয়ে আনৰ ব্যৱসায় প্ৰতিষ্ঠানত কাম কৰি পৰিয়াল-পোহপাল দিয়ে ৰাজু ডেকাই৷ পুৱাই ভাত সাজ খাই গ্ৰীলৰ দোকানলৈ ওলাই যায় ৰাজু৷