নগৰবেৰাঃ বাৰিষা বিয়াটো দূৰৈৰ কথা সেই অঞ্চললৈ বিয়াৰ বাবে ল’ৰা-ছোৱালীৰ ঘৰ চাবলৈও মানুহ নাহে৷ বাৰিষা সেই অঞ্চলটোৰ ল’ৰা-ছোৱালীৰ বিয়াৰ বাবে দুটি পৰিয়াল সন্মত হ’লেও শৰালি লৈকে ৰৈহে বিয়া পাতিব লাগে৷ কিয়নো বাৰিষাৰ ছয় মাহ সেই অঞ্চলটোলৈ কোনো ধৰনৰ চাৰিচকীয়া বাহন আহ-যাহ কৰিব নোৱাৰে৷
যাৰ বাবে কইনা নিবলৈ দৰা আহিব নোৱাৰে দৰাই কইনা আনিব যাব নোৱাৰে৷ লৰাৰ বিয়া হলে কইনা আনিবলৈ সমাজখনক লৈ গাড়ী-ঘোঁৰা লৈ যাব লগা হয়৷ আকৌ ছোৱালীৰ বিয়া হ’লে দৰাৰ ঘৰৰ পৰা গাড়ী-ঘোঁৰা লৈ কইনা নিবলৈ আহিব লগা হয়৷