লালুকঃ আধাৰ কাৰ্ডৰ কাৰ্যালয় স্থাপনৰ নামত লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ নিবনুৱা যুৱক-যুৱতীৰ পৰা হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগত বিহপুৰীয়া আৰক্ষীয়ে দুজন যুৱকক আটক কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে৷
হাৰমতীৰ ইন্দ্ৰজিৎ ডেকা আৰু অজয় দেউৰী নামৰ যুৱক দুজনে নিজকে গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ এগ্ৰ’টেক লিমিটেডৰ সদস্য বুলি পৰিচয় দি জিলাখনৰ বিভিন্ন প্ৰান্তৰ একাংশ নিবনুৱা যুৱক-যুৱতীক আধাৰ কাৰ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতিৰে পোন্ধৰ হাজাৰকৈ টকা সংগ্ৰহ কৰিছিল৷