61
কলিয়াবৰঃ নগাঁও জিলাৰ জখলাবন্ধা চিকিৎসালয়ত বৃহস্পতিবাৰে নিশা ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। নিয়মীয়া বিদ্যুৎ সেৱা অব্যাহত থকাৰ পিছতো চিকিৎসালয়খনত পৰ্যাপ্ত লাইট আৰু ফেনৰ ব্যৱস্থা নকৰাত এনে পৰিস্থিতিয়ে দেখা দিয়ে।
প্ৰাপ্ত বাতৰি মতে, ১০-১৫ খনকৈ বিছনাৰে ভৰা প্ৰতিটো কোঠাত মাত্ৰ এটা লাইট আৰু এখন ফেনেৰেই জখলাবন্ধা এফ আৰ ইউত ৰোগীক চিকিৎসা প্ৰদান কৰি অহা হৈছে। ফলত টৰ্ছ আৰু মোবাইল ফোনৰ পোহৰৰেই ৰোগীক আগবঢ়াবলগীয়া হৈছে চিকিৎসা সেৱা।