68
ডিজিটেল ডেস্কঃ গুলীয়াগুলী, সংঘৰ্ষ অব্যাহত আছে ভূ-স্বৰ্গখ্যাত কাশ্মীৰত। ইয়াৰ মাজতে শুকুৰবাৰে নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় এজন হিজবুল মুজাহিদিন সদস্য। ঘটনাটোত আন এজন অচিনাক্ত লোকো নিহত হোৱাৰ লগতে আহত এজন সেনা জোৱান।
প্ৰাপ্ত বাতৰি মতে, শুকুৰবাৰে পুৱাই জম্মু-কাশ্মীৰৰ অনন্তনাগত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত তুমুল সংঘৰ্ষ হয়। চোৰাংচোৱাৰ খবৰ অনুযায়ী অনন্তনাগৰ হাৰপোৰাত অভিযান চলাইছিল সেনাই। অভিযানৰ সময়তে দুয়োপক্ষৰ মাজত সংঘৰ্ষ লাগে।