বোকাজানঃ চি আৰ পি এফে সুৰক্ষা দি টেংকাৰ নি থকাৰ সময়তে তেল চুৰি হয় অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটিত৷ সকলোৰে চকুত ধূলি দি দীৰ্ঘদিনৰ পৰা খটখটীত এই ব্যৱসায় চলি আহিছে৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীৰ পৰা চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু মণিপুৰলৈ যায় তেল ভৰ্তি টেংকাৰসমূহ৷
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে (চি আৰ পি এফ) সুৰক্ষা প্ৰদান কৰি নাগালেণ্ড আৰু মণিপুৰলৈ লৈ যায় তেলৰ টেংকাৰসমূহ৷ যোৱাৰ সময়ত তেল ভৰ্তি টেংকাৰসমূহ খটখটি অঞ্চলৰ বিভিন্ন পাৰ্কিঙত ৰখাবলগীয়া হয়৷ পাৰ্কিঙত ৰখোৱাৰ সুবিধা লৈয়ে টেংকাৰসমূহৰ চালক-হেণ্ডিমেনে আৰু একাংশ অসাধু ব্যৱসায়ীয়ে বিপদ সংকুলভাৱে তেলৰ টেংকাৰসমূহৰ পৰা তেল চুৰি কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া।