57
নগাঁওঃ সৰ্বভাৰতীয় মানৱ অধিকাৰ সংঘৰ অসম ৰাজ্যিক সমিতিয়ে আজি নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ লাওখোৱা মৌজাৰ বানাপীড়িত অঞ্চল শান্তিবজাৰত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে৷
চিকিৎসা শিবিৰটো আনুষ্ঠানিকভাবে মুকলি কৰে ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ যুটীয়া সম্পাদক প্ৰসন্ন কুমাৰ ৰয, সম্পাদক দেৱ কুমাৰ কলিতা, সচিব চন্দন জিৎ শৰ্মা, বিপ্ৰশ্ৰী ৰয় আৰু উপদেষ্টা তপন দেই৷