বৰক্ষেত্ৰীঃ ৰাজ্য চৰকাৰৰ একাংশ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে ৰাইজ ক্ষোভিত হৈ পৰিছে যদিও তাৰ মাজতে ব্যতিক্ৰম এগৰাকী বিধায়ক৷ বিতৰ্ক বেয়া পোৱা এইগৰাকী বিধায়কে বাটে-ঘাটে বিৰোধীক লগ পালে কৰমৰ্দন কৰি পৰিয়ালৰ খবৰ সোধে৷ সংখ্যালঘু অধ্যুষিত সমষ্টিৰ বিজেপিৰ বিধায়কগৰাকীয়ে ধৰ্ম-বৰ্ণ নিৰ্বিশেষে খবৰ ৰাখে৷
১৪ মাহত বিধায়কগৰাকীয়ে কি কৰিলে, কি নকৰিলে তাৰো খতিয়ান দিলে ৰাইজক। নেতা-কৰ্মীক সন্মুখত লৈ ৰাইজক আজি ১৪ মাহৰ খতিয়ান দিয়ে বিধায়ক নাৰায়ণে৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে চৈধ্য মাহ অতিক্ৰম কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰথম বৰ্ষপুৰ্তি পালন কৰে। যোৱা ১৪ মাহত চৰকাৰে জনসাধাৰণৰ বাবে বহু আঁচনি ঘোষণাও কৰে।