কোকৰাঝাৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ আজি এছআইটিৰ মূৰব্বী অনুৰাগ টাংখাৰ নেতৃত্বত এটা দল তিতাগুৰিত উপস্থিত হয়। তদন্তকাৰী দলটোৱে জে এন ট্ৰেডাৰ্চ নামৰ টাইলছৰ দোকানখনত উপস্থিত হৈ তদন্ত চলোৱাৰ লগতে দোকানৰ স্বত্বাধিকাৰী গৌতম ঘোষ, কৰ্মচাৰী শুভংকৰ চক্ৰবৰ্তীকো সোধপোছ কৰে।
তদন্তকাৰী দলটোৱে লাফিকুল বহি থকা স্থানৰ পৰা দুৰ্ষ্কৃতিকাৰীয়ে গুলীচালনা কৰাৰ স্থানৰ লগতে আন বহু স্থানৰ জোখমাপ কৰে। এছআইটিৰ দলটোৱে দুই এগৰাকী স্থানীয় ব্যৱসায়ীকো ঘটনা সন্দৰ্ভত সোধ-পোচ কৰে।