63
পূব বৰপেটাঃ পৰম্পৰাগত নাও খেল চাবলৈ আহি একতাৰ ডোলেৰে বান্ধ খালে হিন্দু-মাুছলমান৷ বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত চেঙা চাউলখোৱা নৈত আজি এখন নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত হয়।
নাওখেল চাবলৈ বিভিন্ন প্ৰান্তৰ প্ৰায় ১০ হাজাৰতকৈ অধিক দৰ্শকেৰে নৈৰ পাৰ ভৰি পৰে৷ ডাঙৰ নাওৰ প্ৰথম পুৰস্কাৰ লাভ কৰে জিলাখনৰ ভেৰা ভিঠা গাঁৱৰ ছাহানাজৰ দলে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে ৰাজধানী এক্সপ্ৰেছে৷