69
বাঘবৰঃ বৰপেটা জিলাৰ বাঘবৰ থানাৰ অন্তৰ্গত চাচৰা গাঁৱৰ কৰিম আলী পুত্ৰ নুৰুল হকে (১৫) অৰুণাচল প্ৰদেশত কাম কৰিবলৈ গৈ সন্ধানহীন হৈছে।
জানিব পৰা মতে, যোৱা ১৮ জুলাই ঘৰৰ পৰা অৰুণাচল প্ৰদেশখনৰ এন আই টিত কাম কৰিবলৈ যায়। কেইবা দিন কাম কৰাৰ পিছত ৩০ জুলাইত পৰা ৰহস্যজনকভাৱে যুৱকজন নিৰুদ্দেশ হয়।