ডিব্ৰুগড়ঃ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে দীনদয়াল উপাধ্যায়ক লৈ৷ ৰাজ্যৰ ফেচবুক ব্যৱহাৰকাৰী, দল-সংগঠন সকলোৱে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দীনদয়াল উপাধ্যায়ৰ নমাত ৰাজ্য চৰকাৰে মহাবিদ্যালয়ৰ স্থাপন কৰিব বিচৰাৰ পাছতে৷
অহা ৪ বছৰত ৰাজ্য চৰকাৰে স্থাপন কৰা মহাবিদ্যালয় সমূহ দীনদয়াল উপাধ্যায় নামত নামাকৰণ কৰিব বুলি প্ৰচাৰ কৰাৰ পাছতে ৰাজ্যজুৰি হৈ-চৈৰ সৃষ্টি হৈছে৷ বিভিন্ন দল-সংগঠনৰ লগতে চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে৷