ধেমাজিঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদ গো মাফিয়াৰ চিকাৰ হ’ল বুলি বিভিন্ন পক্ষই সন্দেহ ব্যাক্ত কৰাৰ সময়তে অবৈধ চোৰাং গৰু ব্যৱসাীৰ পৰা ধন দাবী কৰাৰ অভিযোগত ছাত্ৰ সংগঠনৰ নেতা জেললৈ যাব লগীয়া হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ধেমাজি জিলাত দীৰ্ঘদিন ধৰি একাংশ লোকে ট্ৰাকেৰে গৰুৰ অবৈধ ব্যৱসায় কৰাৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে চিচিবৰগাঁৱৰ গাইনদীৰ সমীপত অবৈধভাৱে গৰু কঢ়িয়াই অনা এখন ট্ৰাক জব্দ কৰে এটি ছাত্ৰ সংগঠনৰ কেইজনমান নেতাই। গৰু কঢ়িয়াই অনা গাড়ীৰ চালকৰ সৈতে কথা বতৰা পাতি থকা অৱস্থাতে আৰক্ষী উপস্থিত হৈ গৰু ভৰ্তি ট্ৰাক সহিতে ছাত্ৰ নেতাকেইজনক আটক কৰে৷