তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ এগৰাকী যুৱতী বাইকৰ পৰা পৰি অকালতে মৃত্যু হোৱাত শোকৰ ছাঁ পৰে তামুলপুৰত৷ তামুলপুৰৰ অময়াপুৰ নিবাসী নাৰায়ণ চন্দ্ৰ দাসৰ জীয়ৰী মধুস্মিতা দাসে মঙলবাৰে বাইকৰ পৰা পৰি কামৰূপ জিলাৰ আমিনগাঁওস্থিত তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়৷
পিছত যুৱতীগৰাকীৰ চিকিৎসালয়ত মৃত্যু হয়৷ মঙলবাৰে পুৱা প্ৰায় ৭ বজাত জিলাখনৰ গোৰেশ্বৰৰ সুৱাগপুৰৰ জেঠায়েকৰ ঘৰৰ পৰা ভাতৃৰ সৈতে বাইকেৰে নিজ গৃহলৈ আহি থকা অৱস্থাত পৰি গুৰুতৰভাৱে আহত হয় যুৱতীগৰাকী৷