জোনাইঃ আজি বিশ্ববাসীয়ে পালন কৰে বিশ্ব খিলঞ্জীয়া দিৱস। কিন্তু হতভগীয়া অসম মুলুকৰ খিলঞ্জীয়াই ছালিৰ তলত চকুলো টুকি পাৰ কৰিছে দুখৰ দিন। অসমৰ হাজাৰ হাজাৰ খিলঞ্জীয়াই সংঘৰ্ষৰ নামত শৰণাৰ্থী শিবিৰত দিন পাৰ কৰিছে৷ নদীৰ গৰাখহনীয়া, বানৰ কবলত পৰি জীয়াই থকাৰ নামত ককবকাব লগা হৈছে অসমৰ খিলঞ্জীয়াই৷
ধেমাজি, কোকৰাঝাৰ আদি ঠাইত নিজ দেশতে ভগনীয়া হৈ বাস কৰিব লগা হৈছে খিলঞ্জীয়াই৷ শেহতীয়াকৈ লাইকা দধিয়াৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলে দুখৰ দিন পাৰ কৰিছে ৷ এসাজ ভাত, এটুকুৰা বস্ত্ৰ, থাকিবলৈ এখন ছালিৰ অভাৱত হাহাকাৰ কৰিব লগা হৈছে ভূমিপুত্ৰ মিচিং সকলে৷ থলুৱাৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দি ৰাজনৈতিক দলবোৰে জনগোষ্ঠীয় লোকসকলৰ ভোট লৈ চৰকাৰ গঠন কৰে যদিও ভূমিপুত্ৰ খিলঞ্জীয়াৰ হকে কাম কৰা দেখা নাযায়৷