মঙলদৈঃ ৰাজ্যজুৰি সাংবাদিকসকলে প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ২৬ সংখ্যাক মৃত্যু বাৰ্ষিকী পালন কৰি সাংবাদিকগৰাকীক স্মৰণ কৰি থকাৰ সময়তে মঙলদৈত ৩ গৰাকীকৈ সাংবাদিকক শ শ লোকৰ সন্মুখত মাৰধৰ কৰাৰ ঘটনা সংঘটিত হয়৷ সমাজখনৰ বাবে ৰ’দ-বৰষুণ কাটি কৰি দিনে-নিশাই কাম কৰা সাংবাদিকসকলক মানুহৰ মাজত মাৰধৰ কৰা ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সৈতে জড়িত লোকসকল একাংশ দুৰ্নীতিপৰায়ণ লোকৰ বাবে বাটৰ হেঙাৰ হৈ পৰে। বাটৰ হেঙাৰ আতৰাবলৈ সাংবাদিকক আক্ৰমণ কৰাটো ডাঙৰ কথা নহয়৷ কেৱল আক্ৰমণেই নহয় বিশ্বত তথা আমাৰ ৰাজ্যত বহু সাংবাদিকে আততায়ীৰ গুলীত প্ৰাণ দিছে। আজি প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ২৬ সংখ্যাক মৃত্যু বাৰ্ষিকী পালন কৰি থকাৰ সময়তে দুগৰাকী সাংবাদিকক আক্ৰমণ কৰে কেইজনমান দৰিদ্ৰৰ তেজ শুহি খোৱা লোকে৷