কোকৰাঝাৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ৮ দিন উকলি যোৱাৰ পিছতো তদন্তকাৰী দল এছ আই টিয়ে হত্যাকাণ্ডটোৰ সৈতে জড়িত ঘাতকৰ কোনো শুংসূত্ৰ পোৱা নাই ৷
উল্লেখ্য যে কোকৰাঝাৰস্থিত তিতাগুৰীৰ এখন টাইলছৰ দোকানত যোৱা ১ আগষ্টত এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰাৰ পিছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু সকলোৱে ছাত্ৰ নেতাজনৰ হত্যাকাণ্ডটোৰ সৈতে জড়িত থকা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছিল ৷