53
কাছাৰঃ বাংলাদেশ অভিমুখে গৈ থকা এখন গৰু ভৰ্তি ট্ৰাক কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ পাথাৰকান্দিৰ কুকিতল অঞ্চলৰ পৰা AS-11-BC-2083 নম্বৰৰ ট্ৰাকখন আৰক্ষীয়ে ১৭ টাকৈ গৰুসহ জব্দ কৰে।
জব্দ হোৱা গৰুকেইটাৰ মূল্য প্ৰায় ৮ লাখ টকা বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে এক অভিযান চলাই জব্দ কৰা ট্ৰাকসহ গৰুকেইটা পাথাৰকান্দি আৰক্ষীৰ থানাত ৰাখি তদন্ত অব্যাহত ৰাখিছে।