খাৰুপেটীয়াঃ ৰাজপথত চাৰিটা ৰক্তাক্ত মৃতদেহ পৰি ৰৈছে৷ মৃতদেহৰ চৌদিশে পৰি আছে হাৱাই চেণ্ডেল , তাৰে কিছুমানৰ ফিতা ছিঙা ৷ বন্দুকৰ গুলীত নিথৰ হৈ পৰি থকা দেহ কেইটাৰ সৰু সৰু ফুটাৰে তেজ ওলাই বহু দুৰলৈ বৈ গৈছে…৷ মৃতদেহৰ ওচৰে পাজৰে কেৱল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক টহল দি আছে।
দিনতে যেন মৰিশালী হৈ পৰিছিল৷ কিছুসময় আগলৈ হাজাৰ হাজাৰ লোকেৰে ভৰি থকা ৰাজপথ উদং হৈ গ’ল৷ দুই এজন লোকেহে দুৰৰ পৰা জুমি জুমি চাইছে সকলো দৃশ্য ।এই প্ৰতিচ্ছবি আছিল ২০১১ চনৰ ১০ অক্টোবৰৰ দৰঙৰ ৷ নামণি অসমৰ খেতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ দৰঙৰ খাৰুপেটীয়াত সেইদিনা তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ বিৰুদ্ধে হাজাৰ হাজাৰ কৃষকে প্ৰতিবাদ কৰিব ওলাই আহিছিল আৰু তাৰে চাৰি কৃষক উৎপাদিত ফচলৰ উচিত মুল্য পোৱাৰ সলনি চিৰদিনৰ বাবে শুই পৰিছিল।