ওদালগুৰিঃ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কেন্দ্ৰীয় নেতা লাফিকুল ইছলামক হত্যাৰ প্ৰতিবাদ এতিয়াও অব্যাহত আছে বিটিচি অঞ্চলত। হত্যাকাণ্ডৰ এসপ্তাহ উকলি যোৱাৰ পাছতো আজিলৈ উপযুক্ত দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ গৃহ বিভাগ।
ছাত্ৰ নেতাগৰাকীৰ হত্যাকাণ্ডত জড়িত উপযুক্ত দোষীক অতিশীঘ্ৰে কৰায়ত্ত কৰাৰ দাবীত আজি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত দিনৰ এঘাৰ বজাৰ পৰা দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে সংগঠনটোৱে।