চৈখোৱাঃ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত আপুনি দুটি পানীৰ টেংকী দেখিছে নহয়৷ এই টেংকীকেইটাৰ মুল্য ২ লাখ ১৫ হাজাৰ টকা৷ ৰাজ্য চৰকাৰে ঠিকাদাৰৰ হতুৱাই এটি লোহাৰ ফ্ৰেমত বহুৱাইছিল টেংকী দুটা৷ ভিতৰত সাধাৰণ এটি ফিল্টাৰ বহুৱাই বৰষুণৰ পানী পৰিস্কাৰ কৰি ছাত্ৰ-ছাত্ৰীক খুৱাবৰ বাবে এই আঁচনি ৰূপায়ণ কৰিছিল চৰকাৰে৷ কিন্তু আপুনি যদি যিকোনো এখন বিদ্যালয়ত গৈ ছাত্ৰ-ছাত্ৰীক সোধে কেতিয়াবা তাৰ পৰা পানী খাই পাইছেনে৷ তেতিয়া ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ দিব, নাই বুলি৷
বিদ্যালয় গৃহৰ টিনৰ পানী টেংকীত পেলায় বৰষুণৰ পানীৰ সংৰক্ষণৰ বাবে এই আঁচনি লৈছিল চৰকাৰে৷ তৰুন গগৈ নেতৃত্বাধীন তদানীন্তন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ বিদ্যালয়ত বৰষুণৰ পানী সংৰক্ষণৰ বাবে ৰূপায়ণ কৰা এই আঁচনি এতিয়া ধোৱা চাঙত৷ ৰাজকোষৰ লাখ লাখ টকা উদং কৰি ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহত ৰূপায়ণ কৰা এই আঁচনি এতিয়া বেবৰিবাং লাংপাং হৈ পৰিল৷