১০ আগষ্ট, ২০১৭।। ডিজিটেল ডেস্কঃ এগৰাকী কোটিপতি মহিলা। তেওঁৰ কোটিপতি পুত্ৰ আমেৰিকা নিবাসী প্ৰবাসী ভাৰতীয়। যোৱা দহ মাহেই ৭ কোটি টকীয়া ফ্লেটত বন্ধ কোঠাত কংকাল হৈ পৰি ৰৈছে আশা সাহানী নামৰ কোটিপতি মহিলাগৰাকী। নিসংগতাই তেওঁকএনেকৈ তিলতিলকৈ লৈ গৈছিল মৃত্যুৰ কাষলৈ। অৱশেষত এদিন বন্ধ কোঠাত অকলশৰে ছোফাত বহি থাকোতেই চিৰদিনৰ বাবে ঢলি পৰিছিল শেষবাৰৰ বাবে পুত্ৰক এবাৰ চোৱাৰ আশা পুহি ৰখা ষাঠি উৰ্ধৰ আশাই।
যোৱা দেওবাৰে আমেৰিকা নিবাসী ছফটৱেৰ ইঞ্জিনীয়াৰ ঋতুৰাজ সাহানীয়ে সুদীৰ্ঘ দিনৰ বিৰতিৰ অন্তত যেতিয়া মুম্বাইৰ নিজৰ ঘৰলৈ আহে, তেতিয়া তেঁওৰ মুখামুখি কোনো জীৱিত আত্মীয়ৰ সৈতে হোৱা নাছিল। তেওঁ মুখামুখি হৈছিল মাতৃ আশা সাহানীৰ কংকালৰ সৈতে। মুম্বাইত অকলশৰে বাস কৰা তেওঁৰ মৰমৰ মাতৃ যে নীৰৱে শুই আছে সেয়া জনাই নাছিল আমেৰিকাৰ পৰা মাতৃক লগ কৰিবলৈ অহা পুত্ৰই।