লংকাঃ হোজাই জিলাৰ লংকা চহৰৰ সমীপৰ কাকী চলচলি মধ্য ইংৰাজী বিদ্যালয়ত বৃহস্পতিবাৰে চৰকাৰে যোগান ধৰা পেলুৰ ঔষধ সেৱন কৰি কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী অসুস্থ হয়৷
বিদ্যালয়খনৰ শিক্ষকে ছাত্ৰ-ছাত্ৰীক পেলুৰ ঔষধ সেৱন কৰাৰ পাছতে তিনিগৰাকী ছাত্ৰ-ছাত্ৰীৰ সামান্য ভাৱে মূৰ ঘূৰণি আৰু বমি হয় যদিও পৰৱৰ্তী সময়ত প্ৰায় ৩০ গৰাকী ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰে৷ বিদ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ পিছত অসুস্থ হৈ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ বিয়লি স্বাস্থ্যৰ অধিক অৱনতি ঘটাত অভিভাৱক চিন্তিত হৈ পৰে৷