ধুবুৰীঃ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰথমে মানুহৰ মৃত্যু হ’ল৷ এজন, দুজন, তিনিজন নহয় প্ৰায় ৭০ গৰাকীকৈ লোকে প্ৰাণ বিসৰ্জন দিলে বিদ্যুৎ বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বাবে৷ এতিয়া যেন কোনেও বাচি নাযায়৷ মানুহ জীৱ-জন্তু কোনেও এতিয়া সাৰি যাব নোৱাৰে বিদ্যুৎ বিভাগৰ হাতোৰাৰ পৰা৷
১৪ জুনত বিদ্যুৎ বিভাগৰ গাফিলতিৰ প্ৰথম চিকাৰ হৈছিল পুষাণ কলিতা নামৰ এজন ছাত্ৰ আৰু আনোৱাৰ হুছেইন নামৰ এজন লোক৷ কৃত্ৰিম বানৰ ফলত পথত জমা হোৱা পানীত পৰি থকা বিদ্যুৎ পৰিবাহী তাৰত লাগি মহানগৰীৰ ৰাজ্যিক চিৰিয়াখানাৰ সমীপত বিদ্যুৎস্পৃষ্ট হৈ অকালতে মৃত্যুক সাৱটি লয় ছাত্ৰজন।