48
ডিজিটেল ডেস্কঃ সকলো ঠিকে-ঠাকে আছিল যদিও ক’ৰবাত যেন খেলিমেলি আছিল। আত্মহত্যাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে সকলো ঠিকে-ঠাকে চলা যেন লগা মানুহজনৰ জীৱনত কি খেলিমেলি আছিল সেই লৈ সৃষ্টি হৈছে ৰহস্যৰ।
বৃহস্পতিবাৰে নিশা আত্মহত্যা সংঘটিত কৰে আই এ এছ বিষয়া মুকেশ পাণ্ডেই। বিহাৰৰ বক্সাৰ জিলাৰ জিলা দণ্ডাধীশজনে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এটি ৰেল ষ্টেশ্যনত ৰেলৰ আগত জপিয়াই আত্মহত্যা কৰে।