গৰৈমাৰীঃ আৰক্ষীয়ে আটক কৰা এগৰাকী লোকৰ মৃত্যু হোৱাত দক্ষিণ কামৰূপৰ সোণতলীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। সোণতলী আৰক্ষীয়ে আটক কৰা কুৰান আলী (২২) নামৰ যুকজনৰ মৃত্যুৰ পাছতে উত্তেজনাৰ সৃষ্টি হয়। আৰক্ষীয়ে প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে।
যোৱা ১৩ আগষ্টত আৰক্ষীয়ে আটক কৰিছিল যুৱকজনক। পিতৃ পাশান আলীৰ এজাহাৰৰ ভিত্তীত কুৰান আলীক আটক কৰিছিল। জানিব পৰা মতে, আৰক্ষীৰ মতে লক-আপত আত্মহত্যাৰ চেষ্টা চলাইছিল কুৰান আলীয়ে। প্ৰথমে যুৱকজনক সোণতলী প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যুৱকজনক।