কাজিৰঙাঃ বানে ভয়াৱহ ৰূপ লৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো। নেৰানেপেৰা বৰষুণৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ ৮৫ শতাংশ অঞ্চল জলমগ্ন হৈ পৰিছে। বন বিভাগৰ সূত্ৰই সদৰী কৰা মতে, ১৯৮৮ চনৰ পিছত এতিয়ালৈকে এইবাৰেই ৰাষ্ট্ৰীয় উদ্যানখনত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে।
ব্ৰহ্মপুত্ৰ ফেনে-ফোটোকাৰে বাঢ়ি অহাৰ ফলতে এনেদৰে প্লাৱিত হৈ পৰিছে উদ্যানখননৰ বিস্তীৰ্ণ অঞ্চল। অধিকাংশ জীৱ-জন্তুৱেই এতিয়া প্ৰাণৰ সংশয়ত কাৰ্বি পাহাৰ অভিমুখে ৰাওনা হৈছে। বন বিভাগে জনোৱা মতে, উদ্যানখনৰ ভালেমান ঠাইত পানী ৬ ফুটৰ ওপৰেৰে বৈছে। ডুব গৈছে প্ৰায় আটাইকেইটা চোৰাং চিকাৰী নীৰিক্ষণ কেম্প।