58
তামুলপুৰঃ তামুলপুৰতো পালন কৰা হয় স্বাধীনতা দিৱস৷ তামুলপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত তামুলপুৰ ঘগ্ৰাচকত ৭১ তম স্বাধীনতা দিৱস পালন কৰা হয়। স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মহকুমাধিপতি সুজিৎ বাগলাৰীযে।
স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি স্কুল সমূহৰ মাজত কুইজ, চিত্ৰংকন, ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়। তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত জনগোষ্ঠীয় নৃত্যও প্ৰদৰ্শন কৰা হয়।