বিহালীঃ আমাক ভাত লাগে, আমাক ৰুটি লাগে, আমাক কাপোৰ লাগে৷ হয়, তেওঁলোকক আন একো নালাগে৷ ভাত, ৰুটি আৰু কাপোৰ হ’লেই পৃথিৱীৰ সকলো পােৱা যেন অনুভৱ কৰে তেওঁলোকে৷ তেওঁলোকে দালানৰ সপোন নেদেখে৷ বিলাসী ঘৰ, গাড়ী তেওঁলোকৰ সপোনৰ অগোচৰ৷ দেহৰ ঘাম পেলাই অৰ্থ উপাৰ্জন কৰা মানুহ তেওঁলোক৷
কেৱল অকণমান অৰ্থ উপাৰ্জন কৰাৰ সুবিধা লাগে তেওঁলোকক৷ সমগ্ৰ দেশে যেতিয়া স্বাধীনতা দিৱসৰ ৰঙত বিভোৰ হৈ আছিল, উলহ-মালহেৰে ৭১ সংখ্যক স্বাধীনতা দিৱস পালন কৰি আছিল তেতিয়া তেওঁলোক অৰ্ধ উলংগ হৈ আছিল৷ কণ কণ শিশুৱে সন্মুখত কাহি-বাটি লৈ বহি আছিল৷ মুখবোৰ শুকাই গৈছিল। হুমুনীয়া কাঢ়ি আছিল৷ তেওঁলোকৰ মঙহবোৰ হাড়ত লাগি আছিল৷ তেওঁলোকে ভোকত লাল-কাল হৈ আছিল৷