65
শিৱসাগৰ/দিছাংমুখঃ শিৱসাগৰত বিগত কিছুদিন ধৰি হত্যা-ধৰ্ষণৰ দৰে ঘটনা বৃদ্ধি পোৱাত প্ৰশাসনৰ বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কেবাটাও দল-সংগঠনে।
উল্লেখ্য যে কিছু দিন পূৰ্বে চহৰখনত এজন কাবুলীক হত্যা কৰাৰ লগতে, বৰপুখুৰীত উদ্ধাৰ হৈছিল যুৱতীৰ মৃতদেহ। ইয়াৰ পিছতে পুনৰ দীক্ষা ৰাজকুমাৰী নামৰ মহিলা এগৰাকীক ধৰ্ষণ কৰি হত্যা কৰি মৃতদেহ বন্ধ কোঠাত পেলাই থৈছিল।