84
বঢ়মপুৰঃ নগাঁও জিলাৰ চামগুৰিত আজিও বানৰ তাণ্ডব অব্যাহত আছে৷ কলং নৈৰ বাঢ়নী পানীয়ে আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ মাজতে চামগুৰিৰ শিৱস্থানত দেওৰেকৰ হাতত প্ৰাণ গ’ল এগৰাকী নাৰীৰ৷
পাৰিবাৰিক কন্দলৰ বাবে দেওৰেক ছাইকুৰ ইছলামৰ উপৰ্য্যপুৰি দাৰ ঘাপত থিতাতে নিহত হয় নিজৰেই জ্যেষ্ঠ ভাতৃৰ পত্নী হালিমা খাতুন। ইফালে হত্যাকাণ্ড সংঘটিত কৰিয়েই পৰিয়ালসহ পলায়ন কৰে অভিযুক্ত ছাইকুৰ ইছলামে।