65
আজাৰাঃ পলাশবাৰীৰ বৰতেজপুৰস্থিত পায়োৰ এণ্ড কিয়োৰ কোম্পানীত বৃহস্পতিবাৰে সংঘটিত হয় এক দুৰ্ঘটনা৷
দিনৰ প্ৰায় ২ বজাত কোম্পানীত কৰ্মৰত অৱস্থাত এজন শ্ৰমিক বিল্ডিংৰ ওপৰৰ পৰা তলত পৰে৷ আহত লোকজনক কোম্পানীৰ লোকসকলে ততাতৈয়াকৈ ৰামপুৰস্থিত প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটী জি এম চি লৈ প্ৰেৰণ কৰে। পিছত চিকিৎসালয়ত বিহাৰৰ পাতিহাৰ জিলাৰ মহম্মদ নাজিৰ আলী (৫৬) নামৰ কৰ্মচাৰীজনৰ মৃত্যু ঘটে৷