ঢেকীয়াজুলিঃ চৰকাৰী শিক্ষা খণ্ডৰ চৰম বিফলতাৰ পাছত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহক পুঁজিপতি কৰাৰ চৰকাৰী আঁচনি ইতিমধ্যে ঠায়ে ঠায়ে ৰূপায়ণ কৰা হৈছে। সাধাৰণ আৰু দৰিদ্ৰ শ্ৰেণীৰ মূৰত মাধমাৰ দিয়া এনে ব্যক্তিগত খণ্ডৰ শিক্ষা ব্যৱস্থাই খাবলৈ নোজোৰা দৰিদ্ৰ শ্ৰেণীৰ মাজত কিমান শিক্ষাৰ পোহৰ বিলাব সেয়া চৰকাৰৰ বিচাৰৰ বিষয় নহয়।
শিক্ষা প্ৰণালীৰ এনে পৰিৱৰ্তনৰ পাছত জন প্ৰতিনিধি সমূহো উঠি পৰি লাগিছে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ আধাৰশিলা স্থাপনত। বৃহস্পতিবাৰে শোনিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৱেও নিজ সমষ্টিৰ কাৱৈমাৰী শংকৰদেৱ শিশু নিকেতনত নতুন বিদ্যালয়গৃহ নিৰ্মাণৰ লাইখুটা পুতি শুভাৰম্ভ কৰে৷