গুৱাহাটীঃ ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ওলাই আহিল ছাত্ৰী সমাজ৷ ৰাজ্যত প্ৰতি দিনে মহিলা নিৰ্যাতন হৈ অহাত চিন্তিত হৈ পৰিছে ছাত্ৰ সমাজ৷ এখন শংকামুক্ত স্বাধীন পৰিবেশ বিছাৰি ছাত্ৰী একত্ৰিত হ’ল গুৱাহাটীত৷
ছাত্ৰীয়ে বলি হৈ অহা নিৰ্যাতন বন্ধ কৰা, শিক্ষানুষ্ঠানত যৌন নিৰ্যাতনৰ বিৰুদ্ধে লিংগ সংবেদনশীলকৰণ সমিতি গঠন, বিদ্যালয়-মহাবিদ্যালয়-বিশ্ববিদ্যালয় কেম্পাচকে অাদি কৰি সকলো ৰাজহুৱা স্থানতে যৌন নিৰ্যাতনৰ বিৰুদ্ধে প্ৰচাৰৰ বিশেষ ব্যৱস্থা কৰা আদি বিষয় সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজিৰে পৰা ২০ অাগষ্টলৈকে ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ অসম ৰাজ্যিক সমিতিয়ে অনুষ্ঠিত কৰিছে ৰাজ্যিক ছাত্ৰী অভিৱৰ্তন।