মোৰাঝাৰঃ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অগপ, বিজেপি আৰু বিফিএফ মিত্ৰজোটৰ চৰকাৰ খন সম্পুৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি ২১ আগষ্টত হোজাইত কংগ্ৰেছে অনুষ্ঠিত কৰিব প্ৰতিবাদী সভা৷ হোজাই জিলা কংগ্ৰেছ সমিতিৰ আহ্বানত জিলা খনৰ লংকা চহৰৰ লংকেশ্বৰী নাটমন্দিৰত পূৱা ১০-০০ বজাৰ পৰা প্ৰতিবাদী সভা খন অনুষ্ঠিত হ’ব।
১৫ বছৰ শাসন কৰা কংগ্ৰেছে দলটোৱে বিজিপি চৰকাৰৰ কৃষক বিৰোধী নীতি, দৰিদ্ৰ বিৰোধী নীতি, উন্নয়নমুলক কামত বৰ্থতা, মূল্যবৃদ্ধি ৰোধ কৰাত বিফল, নাগৰিকক প্ৰৱঞ্চনা আদি জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদী সবাৰ আয়োজন কৰিছে৷